বিভিন্ন প্ৰতিষ্ঠানক যোৱা পাঁচটা বিত্তীয় বৰ্ষ আৰু চলিত বিত্তীয় বৰ্ষত (২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে) মুঠ ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই কৰি দিছে দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে। এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে। ২০২০-২১ বিত্তীয় বৰ্ষত সৰ্বাধিক ঋণ ৰেহাই কৰা হৈছিল, যাৰ পৰিমাণ ১.৩৩ লাখ কোটি টকা।
বিগত পাঁচ বছৰত বেংকসমূহে প্ৰদান কৰা ঋণৰ মাত্ৰ ১.৬৫ লাখ কোটি টকাহে আদায় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিত্তমন্ত্ৰী পংকজ চৌধৰীয়ে সংসদত কয় যে যেতিয়া ঋণ এটা নন-পাৰফৰ্মিং এচেট (এনপিএ) হৈ পৰে আৰু আদায়ৰ সম্ভাৱনা কমি যায়, তেতিয়া বেংকে আৰ বি আইৰ নিয়ম অনুসৰি চাৰি বছৰৰ পাছত বেলেন্স শ্বীটৰ পৰা আঁতৰাই পেলায়। অৰ্থাৎ ঋণ ৰেহাই কৰি দিয়া হয়।
এইটো কেৱল বেংকৰ বেলেন্স শ্বীট পৰিষ্কাৰ কৰি কৰ সুবিধা প্ৰদানৰ এক একাউণ্টিং পদ্ধতি। ৰাইট অফ হোৱাৰ পিছতো ঋণ পৰিশোধৰ সম্পূৰ্ণ দায়িত্ব ঋণ লোৱা ব্যক্তিৰেই থাকে। বেংকসমূহে এই ঋণসমূহ আদায়ৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰি আহিছে, যেনে দেৱানী আদালত, ৰাজহ বিভাগ (ডি আৰ টি), আৰু এন চি এল টিত গোচৰ ৰুজু কৰা।
