পবিত্ৰ জুম্মাৰ নামাজৰ সময়তে পাকিস্তানৰ ৰাজধানী চহৰৰ এটা মছজিদত সংঘটিত আত্মঘাতী বিস্ফোৰণে আজি সমগ্ৰ দেশখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইছলামবাদৰ টাৰলাই অঞ্চলৰ খাদিজাতুল কুব্ৰা মছজিদত সংঘটিত এই মৰ্মান্তিক সন্ত্ৰাসবাদী আক্ৰমণত অতিকমেও ৩১ গৰাকী লোক নিহত হোৱাৰ লগতে ১৬৯ জন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, এজন আত্মঘাতী বোমাৰুৱে মছজিদৰ প্ৰৱেশদ্বাৰত বাধা লাভ কৰাৰ পাছতে নিজকে উৰুৱাই দিয়ে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, সন্ত্ৰাসবাদীজনে প্ৰথমে গুলীবৰ্ষণ কৰিছিল আৰু তাৰ পাছতে শক্তিশালী বিস্ফোৰণটো সংঘটিত কৰে। কোনো সংগঠনে এই পৰ্যন্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীৰ সূত্ৰই সন্দেহ প্ৰকাশ কৰিছে যে আক্ৰমণকাৰীজন এগৰাকী বিদেশী নাগৰিক আৰু তেওঁ নিষিদ্ধ ঘোষিত সংগঠন ‘ফিটনা অল খাৱাৰিজ’ৰ (টিটিপি) সৈতে জড়িত। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দৃশ্যত মছজিদৰ মজিয়াত বহু মৃতদেহ আৰু ভাঙি পৰা কাঁচৰ টুকুৰা সিঁচৰতি হৈ থকা দেখা গৈছে।
এই ভয়াৱহ আক্ৰমণৰ পাছতে পাকিস্তানৰ সেনাবাহিনী আৰু ৰেঞ্জাৰ্ছে সমগ্ৰ এলেকাটো ঘেৰি ধৰিছে। আহতসকলক ইছলামবাদৰ বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে চহৰখনৰ স্বাস্থ্য কেন্দ্ৰসমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিয়য়েভৰ পাকিস্তান ভ্ৰমণৰ সময়তে ৰাজধানী চহৰত এই সুৰক্ষাৰ বিসংগতি ধৰা পৰিছে।
ৰাষ্ট্ৰপতি আচিফ আলী জৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই কাপুৰুষালি আক্ৰমণক তীব্ৰ গৰিহণা দিছে। জৰ্দাৰীয়ে কয়, “নিৰীহ নাগৰিকক লক্ষ্য কৰি লোৱাটো মানৱতাৰ বিৰুদ্ধে এক ডাঙৰ অপৰাধ।” আনহাতে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰিক ফজল চৌধুৰীয়ে এই কঠিন সময়ত দেশবাসীক একত্ৰিত হ’বলৈ আহ্বান জনাইছে। আৰক্ষীয়ে বৰ্তমান বিস্ফোৰণৰ প্ৰকৃতি আৰু ইয়াৰ আঁৰত থকা শক্তিক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।
