চিকেন নেকত ৪০ কিঃমিঃ ভূগৰ্ভস্থ ৰেলপথঃ উত্তৰ-পূবৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ মেগা প্লেন

দেশৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰা অতি স্পৰ্শকাতৰ চিকেন নেক কৰিডৰৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া হাতত লৈছে মাটিৰ তলেৰে ৰেলপথ নিৰ্মাণৰ এক বৃহৎ পৰিকল্পনা। পশ্চিমবংগৰ শিলিগুৰি অঞ্চলৰ এই ঠেক ভূ-খণ্ডক লৈ চুবুৰীয়া দেশৰ বিতৰ্কিত মন্তব্য আৰু কৌশলগত ভাবুকিৰ মাজতে সোমবাৰে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঐতিহাসিক প্ৰকল্পৰ কথা ঘোষণা কৰে। ৰাজ্যখনৰ প্ৰতিৰক্ষা আৰু যাতায়াত ব্যৱস্থাক অভেদ্য কৰি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিয়ে ভৱিষ্যতে যিকোনো জৰুৰী পৰিস্থিতিত যোগাযোগ ব্যৱস্থা অক্ষুণ্ণ ৰাখিব।

সংবাদ মেল সম্বোধন কৰি ৰেল মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ সৈতে দেশৰ সংযোগ সুৰক্ষিত কৰিবলৈ এই ৪০ কিলোমিটাৰ কৌশলগত কৰিডৰত বিশেষ গুৰুত্ব দিয়া হৈছে। পৰিকল্পনা অনুসৰি, পশ্চিমবংগৰ টিন মাইলহাট আৰু ৰঙাপানী ৰেল ষ্টেচনৰ মাজত মাটিৰ প্ৰায় ২০-২৪ মিটাৰ গভীৰতাত দুডাল নতুন ৰেলপথ স্থাপন কৰা হ’ব। ইয়াৰ সমান্তৰালভাৱে বৰ্তমানৰ ডাবল লাইনটোক চাৰিটা লাইনলৈ উন্নীত কৰা হ’ব, যাৰ ফলত এই কৰিডৰটোত মুঠ ৬ টা ৰেল লাইন উপলব্ধ হ’ব। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে উল্লেখ কৰা মতে, নিৰাপত্তাৰ দিশৰ পৰা এই ভূগৰ্ভস্থ ৰেলপথ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।

উল্লেখ্য যে নেপাল, ভূটান আৰু বাংলাদেশৰ সীমান্তৱৰ্তী এই চিকেন নেক কৰিডৰটো ভাৰতৰ বাবে সদায় কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। যোৱা বছৰ বাংলাদেশৰ পৰা অহা নেতিবাচক মন্তব্যৰ পাছত এই বিকল্প তথা সুৰক্ষিত পথৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাইছিল। কেন্দ্ৰৰ এই নতুন পদক্ষেপে এতিয়া উত্তৰ-পূবৰ ৰাইজৰ লগতে দেশৰ সামৰিক বাহিনীৰ বাবেও এক ডাঙৰ সকাহ কঢ়িয়াই আনিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *