অসমত হাতীৰ আক্ৰমণত ৫ বছৰত ৩৮৩ জনৰ মৃত্যু

89

যোৱা পাঁচ বছৰত হাতী আৰু মানুহৰ মাজত সংঘাতৰ ফলস্বৰূপে, ২,৮৫৩ জন লোকৰ মৃত্যু হয়। ২০২৩ত হাতী আৰু মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ৬২৮ জন লোকৰ মৃত্যু হয়। এই কথা সংসদৰ মজিয়াত চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে হাতীৰ আক্ৰমণত ২০১৯ চনত ৫৮৭ জন, ২০২০ চনত ৪৭১ জন, ২০২১ চনত ৫৫৭ জন, ২০২২ চনত ৬১০ জন আৰু হাতীৰ আক্ৰমণৰ ফলত ২০২৩ চনত ৬২৮ জন লোকৰ মৃত্যু হৈছিল।

 তথ্য অনুসৰি এই সময়ছোৱাত উৰিষ্যাত সৰ্বাধিক ৬২৪ জন লোকৰ মৃত্যু হয়। তাৰ পিছত ঝাৰখণ্ড (৪৭৪), পশ্চিম বংগ (৪৩৬), অসম (৩৮৩), ছত্তীশগড় (৩০৩), তামিলনাডু (২৫৬), কৰ্ণাটক (১৬০) আৰু কেৰালা (১২৪) জন লোকৰ মৃত্যু হয়। মন্ত্ৰীগৰাকীয়ে কয় যে বন্যপ্ৰাণীৰ বাসস্থানৰ ব্যৱস্থাপনা মুখ্যতঃ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দায়িত্ব।

কেন্দ্ৰীয় চৰকাৰে জন্তু আৰু তেওঁলোকৰ বাসস্থান সংৰক্ষণৰ বাবে, মানুহ-জন্তুৰ সংঘাত আৰু বন্দী হাতীৰ কল্যাণৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ‘প্ৰজেক্ট টাইগাৰ এণ্ড এলিফেণ্ট’ আঁচনিৰ অধীনত বিত্তীয় আৰু কাৰিকৰী সহায় আগবঢ়ায়।