গাজাৰ জাবালিয়াৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ৩৩ জন নিহত

গাজাৰ জাবালিয়াৰ উত্তৰ অংশত এটা শৰণাৰ্থী শিবিৰত শেহতীয়াকৈ ইজৰাইলী আক্ৰমণত কমেও ৩৩ জন লোক নিহত হৈছে।গাজাৰ হামাছে এই আক্ৰমণৰ বিষয়ে প্ৰকাশ কৰিছে। তথ্য অনুসৰি, এই আক্ৰমণত ২১ গৰাকী মহিলাৰ মৃত্যু হৈছে। অৱশ্যে, ইজৰাইলে এতিয়ালৈকে জাবালিয়াৰ ওপৰত এই শেহতীয়া আক্ৰমণৰ অভিযোগ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ইজৰাইলী বাহিনীয়ে যোৱা কেইবা সপ্তাহ ধৰি ঘন বসতিপূৰ্ণ শিবিৰসমূহ ঘেৰাও কৰি আছিল।

এই সপ্তাহত, হামাচৰ মুখ্য নেতা য়াহিয়া ছিনৱাৰো ইজৰাইলী আক্ৰমণত নিহত হয়। একে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে যুদ্ধবিৰতি প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। বাইডেনে কয় যে লেবাননৰ যুদ্ধ বিৰতিৰ দিশত কাম কৰাৰ অধিক সুযোগ আছে। লেবাননত, ইজৰাইলে হিজবুল্লাহৰ সৈতে যুদ্ধ কৰি আছে।

কিন্তু গাজাত যুদ্ধবিৰতি অতি কঠিন। গাজাত হামাছ পৰিচালিত সংবাদ মাধ্যমৰ এক বিবৃতি অনুসৰি শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ৮৫ জনৰো অধিক লোক আহত হৈছে। হামাছ পৰিচালিত সংবাদ মাধ্যমই কয় যে শেহতীয়া ইজৰাইলী আক্ৰমণত নিহত সকলৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাব পাৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *