গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰে। বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ পদক্ষেপৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে। দিল্লী বিমান বন্দৰৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয় যে পোন্ধৰশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ অনুৰোধত বৃন্দাবনী বস্ত্র সাজি উলিয়াইছিল। এই বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমৰ ইতিহাসৰ সভত্যাৰ এক অমূল্য অংগ। আমি বহুতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে শুনিছো আৰু পঢ়িছো। ইয়াৰ ছবিও দেখিবলৈ পাইছো। কিন্তু বিগত পাঁচশ বছৰ কালত আমাৰ কোনো এটা প্রজন্মই এই বৃন্দাবনী বস্ত্রখন সন্মুখৰ পৰা দেখা নাই।
অৱশ্যে যিসকলে কেতিয়াবা লণ্ডন বা পেৰিছৰ মিউজিয়ামত গৈছে সেইটো সুকীয়া কথা । যোৱা কেইবছৰ মান আগতে ময়ো লণ্ডনৰ মিউজিয়ামত এই পবিত্র বৃন্দাবনী বস্তুভাগ দর্শন কৰিছিলো। মুখ্যমন্ত্রীয়ে লগতে কয় যে তাঁতশালেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৃন্দাবনী বস্ত্ৰ অংকন কৰিছিল। তাক আমি নেদেখিলে বুজিব নোৱাৰো। ই আমাৰ বাবে এটা ডাঙৰ অমূল্য সম্পদ। কালক্রমত সেই বৃন্দাবনী বস্ত্রখন অসমৰ পৰা তিব্বত হৈ লণ্ডন, ফ্রান্স আদি বিভিন্ন স্থানলৈ যায়। কিছু অংশ আমেৰিকাৰ মিউজিয়ামত আছে। লণ্ডন আৰু পেৰিছত থকা বৃন্দাবনী বস্ত্র দুভাগ যথেষ্ট দীঘল। বহুদিনৰ পৰা মোৰ মনত এটা ইচ্ছা আছিল যে এই বৃন্দাবনী বস্ত্রভাগ এবাৰ অসমলৈ আনিব পাৰো নেকি। আমাৰ বহু প্ৰজন্মই এই বৃন্দাবনী বস্ত্রভাগ নেদেখাকৈ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে।
তেওঁ লগতে কয় যে ২০২৭ চনত আমি বৃন্দাবনী বস্ত্রখন অসমলৈ অনাৰ বাবে চুক্তি কৰিম। চুক্তি স্বাক্ষৰ হোৱাৰ পিছত দুটা বছৰত আমি এই মিউজিয়ামটো বনাব লাগিব। তাৰ বাবে খানাপাৰাত আমি মাটিৰো আৱণ্টন দিছো। জে এছ ডব্লিউ গ্ৰুপৰ সজ্জন জিন্দালে ইয়াৰ বাবে পুঁজি দিব আৰু মিউজিয়ামটো নিৰ্মাণ কৰি দিব। কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ অসম চৰকাৰেই হ’ব। তেওঁ কয়, বৃন্দাবনী বস্ত্রভাগ আমি অসমলৈ আনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম। এই বস্ত্ৰভাগ আমি দিল্লী, মুম্বাই আদিলৈ নিয়াৰো চেষ্টা কৰিম। যাতে ভাৰতবাসীয়েও মহাপুৰুষগৰাকীৰ বিষয়ে আৰু এবাৰ জানিব পাৰে।
