চলিত সংসদৰ শীতকালীন অধিৱেশনত যক্ষ্মা নিৰ্মূল সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই লোকসভাত কয় যে ভাৰত চৰকাৰে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ দূৰ কৰাৰ লক্ষ্যৰে এখন ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনা (২০১৭-২০২৫) ৰূপায়ণ কৰিছে।
এই পৰিকল্পনা ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) ২০৩০ তকৈ পাঁচ বছৰ পূৰ্বৰ হয়। তেওঁ কয় যে মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ (এনএইচএম) অধীনত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (এনটিইপি) ৰূপায়ণ কৰে। এনটিইপিয়ে ভাৰতক যক্ষ্মামুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলাইছে।
ভাৰতত যক্ষ্মা ৰোগৰ হাৰ ২০১৫ চনত প্ৰতি ১,০০,০০০ জনসংখ্যাত ২৩৭ ৰ পৰা ২০২৩ চনত প্ৰতি ১,০০,০০০জনসংখ্যাত ১৯৫ লৈ হ্ৰাস পাইছে। যক্ষ্মা ৰোগৰ মৃত্যু ২০১৫ চনত প্ৰতি লাখ জনসংখ্যাৰ ২৮ ৰ পৰা ২০২৩ চনত প্ৰতি লাখ জনসংখ্যাত ২২ শতাংশলৈ হ্ৰাস পাইছে।