1983 চনৰ নেলী গনহত্যাৰ প্ৰতিবাদত আমছুৰ ক’লা দিৱস পালন

1983 চনৰ নেলী গনহত্যাৰ প্ৰতিবাদত আমছুৰ ক’লা দিৱস পালন।সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বুৰাবুৰী আঞ্চলিক আমছুৰ সহযোগত আজি বুৰাবুৰীত ক’লা দিৱস পালন কৰে বুৰাবুৰী আঞ্চলিক আমছুৱে।
উল্লেখ্য যে,প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ 18 তাৰিখে আমছুৱে ক’লা দিৱস পালন কৰে।যোৱা 1983 চনৰ নেলীৰ গণহত্যাৰ ন্যায় প্রদান কৰা আৰু তিয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত আমছুৰ উদ্যোগত প্ৰতি বছৰে ১৮ ফেব্ৰুৱাৰী দিনটো ক’লা দিৱস হিচাবে পালন কৰি আহিছে।সেয়েহে আজি মৰিগাঁও জিলা আমছুৰ অন্তৰ্গত বুৰাবুৰী আঞ্চলিক আমছুৰ উদ্যোগত ৰাজহুৱা স্থানত ক’লা বেজ পৰিধান কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আজি ক’লা দিৱস হিচাবে পালন কৰে।আৰু চৰকাৰক আহ্বান জনাই যাতে অতি সোনকালেই সেই গনহত্যাত মৃত্যু হোৱা লোক সকৰ পৰিয়লক ন্যায় প্ৰধান কৰে।
লগতে সেই গনহত্যাত মৃত্যু হোৱা লোক সকলৰ আত্মাৰ হতগতিৰ কামনাৰে এখনি দোৱা অনুষ্ঠানৰ আয়োজন কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *