গুৱাহাটী বিশ্ববিদ্যালয়ত ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বঙালী ছাত্ৰ সমাজৰ উদ্যোগত  ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয় । অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে  উপস্থিত থাকি গুৱাহাটী  বিশ্ববিদ্যালয় ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে তেওঁৰ ভাষণত ৰবীন্দ্ৰনাথৰ বিশাল অৱদানৰ কথা সুঁৱৰি বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ সংগীতৰ ওপৰত এখন কৰ্মশালাৰ আয়োজনৰ প্ৰস্তাৱ আগবঢ়ায় আৰু বিশ্ববিদ্যালয় চৌহদত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত থাকে ড°সঞ্জয় ভট্টাচাৰ্য, ড°সমীৰ সৰকাৰ, ড°বৰুণ কুমাৰ সাহা, ড°ৰোমা দাসৰ লগতে বাঙালী ছাত্ৰ সমাজৰ উপদেষ্টা ড°ৰূপাশ্ৰী দেৱনাথ আৰু বিভিন্ন বিভাগৰ গৱেষক,  ছাত্ৰ-ছাত্ৰী, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সদস্য সকল।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, অধ্যাপক, আমন্ত্ৰিত অতিথিৰ ভাষণ, আবৃত্তি, গীত, নৃত্য আদি পৰিবেশন কৰা হয়। বাঙালী ছাত্ৰ সমাজৰ সভাপতি মংগল শীল, সাধাৰণ সম্পাদক অংকুশ বিশ্বাস আৰু উপ সভাপতি সুমন দেৱ উপস্থিত থাকে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *