১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গেও প্ৰাকৃতিক ভাল পাইছিল। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰ গীতত গুৱাহাটীৰ দীপৰ বিলৰ কথা উল্লেখ আছে। আনকি জুবিন গাৰ্গৰ অন্যতম জনপ্ৰিয় আৰু কালজয়ী গীত হিচাপে পৰিগণিত হোৱা ৰুমাল নামেৰ গীতটোৰ ভিডিঅ শ্বুটিং ২০০৯ চনৰ জানুৱাৰী মাহত দীপৰ বিলৰ পাৰত কৰা হৈছিল। জানুৱাৰী মাহৰ কোনো এটা দিনত পুৱাৰে পৰা সন্ধিয়া আন্ধাৰ হোৱাৰ আগলৈকে গীতটোৰ শ্বুটিং কৰা হৈছিল বৰ্তমানৰ পক্ষী নিৰীক্ষণ স্তম্ভ তথা ৱাচিং টাৱাৰৰ পৰা ৰেলৱে দলং হৈ চকৰ্দো কলিতাপাৰাৰ সমীপলৈকে । সেই কথাৰ স্মৃতি ৰোমন্ঠন  কৰি শিল্পী গৰাকীৰ অকাল মৃত্যুত আবেগিক হৈ পৰিছে চকৰ্দো কলিতাপাৰাৰ একাংশ বাসিন্দা। এই সন্দৰ্ভত চকৰ্দো কলিতাপাৰাৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত বনকৰ্মী উত্তম কলিতা, সমাজকৰ্মী ৰাতুল কলিতাকে ধৰি সেই সময়ত তাত জুবিন গাৰ্গক শ্বুটিঙৰ সময়ত বিভিন্ন দিশত  সহযোগিতা আগবঢ়োৱা একাংশ লোকে জানিবলৈ দিয়া মতে নিদিষ্ট দিনটোত এটা বিশাল শিল্পী আৰু কলা – কুশলীৰ দল লৈ পুৱাই আহি ৱাচিং টাৱাৰত উপস্থিত হৈছিল মৰমৰ শিল্পী জুবিন গাৰ্গ। কোমল শীতৰ আমেজ লৈ দুপৰীয়াৰ ভাগত জুবিন গাৰ্গে দীপৰ বিলত নৌকা বিহাৰ কৰিছিল।

সেই সময়ত দীপৰ বিলত নৌকা বিহাৰৰ ব্যৱস্থা আছিল। দুজন সহ শিল্পীক লৈ দীপৰ বিলত নৌকা বিহাৰৰ সময়ত ৱাচিং টাৱাৰৰ কিছু নিলগত পানীৰ মাজত থকা দীপ সদৃশ ওখ মাটিৰে আবৃত ঠাইখিনীত নামি আপোন পাহৰা হৈ পৰিছিল জুবিন গাৰ্গ। তেওঁক নৌকা বিহাৰ কৰোৱা কলিতাপাৰাৰ বাসিন্দা তথা বৰ্তমান  অৱসৰপ্ৰাপ্ত বনকৰ্মী উত্তম কলিতা আৰু ৰাতুল কলিতাক জুবিন গাৰ্গে কৈছিল এই সৰু দ্বীপটো মোৰ বহুত ভাল লাগিছে। পাছত এদিন মই ইয়াত থকাকৈ আহিম। আপোনালোকে মোক সহযোগ কৰিব। তাৰ পাছত সেই ঠাইখিনীৰ বিভিন্ন লোকেশ্বনত শ্বুটিং কৰি ৰাইজৰ সৈতে হাঁহি ধেমালি, আনন্দ – উপভোগ কৰি সন্ধিয়াৰ পূৰ্বে দীপৰ বিলৰ পৰা বিদায় লৈছিল জুবিন গাৰ্গে। একাংশ বাসিন্দাই জানিবলৈ দিয়া মতে মাজে সময়ে দীপৰ বিলৰ পাৰেৰে গাড়ীত আহিলে জুবিন গাৰ্গে কেতিয়াবা গাড়ীৰ পৰা নামি লগত লৈ অহা কোনো লোকক দীপৰ বিলৰ মাজত থকা ক্ষুদ্ৰ দ্বীপটো দেখুৱাই কিবা কৈছিল। আনকি বহু সময় ৰেলগেট বন্ধ হৈ থকা দেখিলে গাড়ীৰ পৰা নামি বিলৰ পাৰত ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা লোকৰ দুই –  এজনৰ সৈতে বাৰ্তালাপ কৰিছিল জুবিন গাৰ্গে।

মুঠৰ ওপৰত মহান শিল্পী গৰাকীৰ অকাল মৃত্যুত ৰুমাল গীতৰ শ্বুটিঙৰ সময়ত সেই সময়ত অৰ্থাৎ ১৬ বছৰ আগতে জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰা চকৰ্দো কলিতাপাৰা লোকসকলে সেই স্মৃতি ৰোমন্ঠন কৰি স্বাভাবিকতে আবেগিক হৈ পৰিছে। এই সন্দৰ্ভত দীপৰ বিলৰ পৰিবেশ , পাৰিপাৰ্শ্বিক ভাৰসাম্য সুৰক্ষাৰ হকে কাম কৰি অহা অঞ্চলটোৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক প্ৰমোদ কলিতা আৰু প্ৰমোদ ৰংপীয়ে জানিবলৈ দিয়া মতে জুবিন গাৰ্গ শেহতীয়াকৈ মানৱ সৃষ্ট কাৰণৰ বাবে দীপৰ বিলৰ পানী প্ৰদূষিত হৈ পৰা কাৰ্যত উদ্বিগ্ন হৈ পৰিছিল। এবাৰ বিলৰ পাৰত দীপৰ বিলৰ পানী প্ৰদূষিত হৈ পৰা কাৰ্যত কোনো কোনো লোকৰ আগত শিল্পী গৰাকীয়ে নিজৰ উদ্বেগৰ কথা প্ৰকাশো কৰিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *