মাটিয়া ট্ৰেনজিট কেম্পত বন্দী হৈ থকা ১৪ গৰাকী বাংলাদেশী নাগৰিকক শনিবাৰে ভাৰত-বাংলাদেশ সীমান্তৰে দেশান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নগাঁও বিদেশী ন্যায়াধিকৰণে অবৈধ ঘোষণা কৰা এই লোকসকলক পুৱা প্ৰায় ১০:৩০ বজাত সীমান্ত সুৰক্ষা বাহিনীৰ তত্বাৱধানত সীমান্তলৈ লৈ যোৱা হয়। আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এক বিশেষ বাহনেৰে তেওঁলোকক যাত্ৰা কৰোৱা হয়।
উল্লেখ্য যে, নগাঁও বিদেশী ন্যায়াধিকৰণে মুঠ ১৫ জন লোকক বিদেশী হিচাপে চিনাক্ত কৰিছিল। ইয়াৰ পাছতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেওঁলোকক ২৪ ঘণ্টাৰ ভিতৰত বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে মাটিয়া ট্ৰেনজিট কেম্পৰ পৰা ১৪ জন বিদেশীক লৈ যোৱাৰ ব্যৱস্থা কৰে। অৱশ্যে বাকী থকা এজন লোকৰ বৰ্তমানৰ অৱস্থিতি সম্পৰ্কে কোনো স্পষ্ট তথ্য জানিব পৰা হোৱা নাই।
এই দলটোত আঠগৰাকী পুৰুষ আৰু ছয়গৰাকী মহিলা অন্তৰ্ভুক্ত আছে। চৰকাৰীভাৱে প্ৰত্যাৰ্পণৰ নিৰ্দিষ্ট পথৰ কথা সদৰী কৰা নাই যদিও সূত্ৰই জনোৱা মতে মানকাচৰ সীমান্তৰে তেওঁলোকক বাংলাদেশলৈ ঠেলি দিয়া হ’ব। অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপৰ অংশ হিচাপে নিৰাপত্তা সংস্থাসমূহে সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিছে। জিলা প্ৰশাসন আৰু আৰক্ষীৰ মাজত সমন্বয়ৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
