২৭ ডিচেম্বৰৰ পৰা অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা ‘অসম গ্ৰন্থমেলা, গুৱাহাটী’ ৷ এইবেলি চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাত আয়োজন কৰা ‘অসম গ্ৰন্থমেলা, গুৱাহাটী’ৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে এইবেলি দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সামৰণিৰ পাছত গুৱাহাটীত আয়োজন কৰা হৈছে বহু প্ৰতীক্ষিত ‘অসম গ্ৰন্থমেলা’৷ এই গ্ৰন্থমেলাত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১১৮ প্ৰকাশন গোষ্ঠী তথা বিপণীয়ে যোগদান কৰিব৷
ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১৬ টা, কলকাতাৰ ১৫ টা আৰু পাঞ্জাৱৰ ২টা, প্ৰকাশন গোষ্ঠী ৷ সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সকলো পক্ষৰে সহযোগিতা আন্তৰিকতাৰে কমনা কৰি কয়—“ ২৭ ডিচেম্বৰত বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ’ব৷ এই অনুষ্ঠানত সন্মানীয় সভাপতি ৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷
সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব দিল্লীৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্ত, বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা, দ্য ফেডাৰেশ্যন অৱ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে ৷”১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ কাৰ্যসূচী সদৰী কৰি তেওঁ কয় যে প্ৰতিদিনেই ভাষা-সাহিত্য-সংস্কৃতি, ইতিহাস তথা সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত হব ৷ গ্ৰন্থমেলাৰ প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা৷