সৰস্বতী পূজাৰ বিয়লি তীব্ৰবেগী বাহনৰ খুন্দাত এগৰাকী যুৱতীৰ কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্য অব্যাহত ৰাখিছে। কাহিলীপাৰাত ১০৮ এম্বুলেঞ্চ চলাই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা চালক ৰেকিবুদ্দিন আহমেদে অৱশেষত শনিবাৰে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰে। কামৰূপ জিলাৰ দগাঁৱৰ বাসিন্দা ৰেকিবুদ্দিনৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে নিহত লুনা ভৰদ্বাজৰ পৰিয়ালে।
শুকুৰবাৰে সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত জে বি ল’ কলেজৰ ছাত্ৰী তথা বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ নিবাসী লুনা ভৰদ্বাজৰ থিতাতে মৃত্যু হৈছিল। অহা মঙলবাৰে এক্সিছ বেংকত কৰ্মজীৱন আৰম্ভ কৰাৰ কথা আছিল মেধাৱী যুৱতীগৰাকীৰ। একেটা দুৰ্ঘটনাতে অচ্যুৎ বৰুৱা নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান তেওঁ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।
দুৰ্ঘটনাৰ পাছতেই চালকজনে পলায়ন কৰিছিল যদিও দিছপুৰ আৰক্ষীয়ে ১০৮ বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছিল। আত্মসমৰ্পণ কৰা চালকজনক বৰ্তমান আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। এগৰাকী উদীয়মান ছাত্ৰীৰ এনে অকাল মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ পৰিয়ালৰ লগতে সহপাঠীসকলক।
