বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ১০ হাজাৰ শিল্পীঃ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী মোদী

বিহু আৰু ঝুমুইৰৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে অসম। বড়ো লোক-সংস্কৃতিৰ চহকী ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰিছে ‘বাগৰুম্বা দ’হৌ’ নামৰ এক বিশাল সাংস্কৃতিক কাৰ্যসূচী। আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত একেলগে ১০,০০০ বড়ো শিল্পীয়ে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ দিশে অগ্ৰসৰ হ’ব।

ইতিমধ্যে এই ঐতিহাসিক অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। খাম, চিফুং আৰু চেৰজাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সুৰত বড়ো গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সৰুসজাইৰ আকাশ-বতাহ মুখৰিত কৰি তুলিব। উল্লেখ্য যে, এই মেগা ইভেণ্টৰ বাবে যোৱা ১২ জানুৱাৰীৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলক লৈ সৰুসজাইত পূৰ্ণ আখৰা চলোৱা হৈছিল। প্ৰশিক্ষকসকলে শিল্পীসকলক এক ত্ৰুটিহীন আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় উপস্থাপনৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন তথা সমগ্ৰ অসমৰ সাংস্কৃতিক পর্যটনৰ ক্ষেত্ৰত এক নতুন মাত্ৰা যোগ কৰিব বুলি চৰকাৰী সূত্ৰই আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপে অসমৰ বৈচিত্ৰ্যময় জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিক বৈশ্বিক পৰ্যায়ত এক নতুন পৰিচয় দিয়াত সহায় কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *