এইবছৰৰ হজ তীৰ্থযাত্ৰা আৰম্ভ হৈছে, য’ত ১৪ লাখৰো অধিক তীৰ্থযাত্ৰী চৌদি আৰৱৰ পবিত্ৰ চহৰ মক্কাত উপস্থিত হৈছে।গৰমৰ বাবে যোৱা বছৰ হাজ তীৰ্থযাত্ৰালৈ যোৱা ১৩০০ লোকৰ মৃত্যু হৈছিল। ছৌদি আৰৱে এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে বাৰ্ষিক অনুষ্ঠানটোৰ বাবে এইবাৰ নিৰাপত্তা বৃদ্ধি কৰিছে।
তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থকাৰ বাবে তেওঁলোকে হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰাৰ লগতে শ শ শীতল ইউনিট স্থাপন কৰি গৰমৰ পৰা সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১২ বছৰৰ তলৰ শিশুকো নিষেধাজ্ঞা আৰোপ কৰিছে।লগতে চৰকাৰী অনুমতি অবিহনে হজ কৰা হজযাত্ৰীসকলক পাঁচ হাজাৰ ডলাৰৰ জৰিমনা আৰু ১০ বছৰৰ বাবে প্ৰৱেশ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে।
ছৌদি আৰৱে জনোৱা মতে, দেওবাৰলৈকে তেওঁলোকে ২ লাখ ৬৯ হাজাৰতকৈ অধিকক মক্কাত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল। উল্লেখ্য যে ইছলামৰ লোকসকলৰ বাবে হজ হৈছে আটাইতকৈ পবিত্ৰ তীৰ্থযাত্ৰা, যাৰ বাবে প্ৰতি বছৰে লাখ লাখ মুছলমানে চৌদি আৰৱৰ মক্কা চহৰলৈ যায়। ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত ই অন্যতম আৰু শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম প্ৰতিজন মুছলমানে জীৱনত এবাৰ হ’লেও হজ কৰাৰ আশা কৰে।