ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ৰোহিত শর্মাৰ অৱসৰক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পেলালে ৰোহিত শৰ্মাই।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ৰোহিত শর্মাৰ অৱসৰক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পেলালে ৰোহিত শৰ্মাই।শনিবাৰে ভাৰতীয় প্ৰাক্তন তাৰকা ইৰফান পাঠানৰ সাক্ষাৎকাৰ দি ৰোহিতে এই মন্তব্য কৰে। শেহতীয়া সময়ত বেটৰ সৈতে ফৰ্মত নাই বুলি দাবী কৰিছে ৰোহিতে। গতিকে দলটোৰ স্বাৰ্থত ছিডনী টেষ্টৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল ৰোহিতে।”হাতত কলম, লেপটপ বা মাইক্ৰ’ফোন লৈ ঘৰৰ ভিতৰত বহি কোনো কি লিখেছে, কোনে কি কৈছে, তাকে লৈ আমাৰ জীৱন সলনি নহয়। ইমান বছৰ ধৰি ক্ৰিকেট খেলি আহিছো। তেওঁলোকে বাহিৰৰ পৰা সিদ্ধান্ত ল’ব নোৱাৰে যে মই কেতিয়া খেল এৰিম, কোনখন মেচত বহিম বা কোনখন মেচত অধিনায়ক হ’ম।’’