ৰূপহীহাটৰ হাতীপাৰা গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি।
বিধবা, দুখীয়াক লোকক বঞ্চিত কৰি ধনী লোকক অৰুনোদয় দিয়াৰ অভিযোগ উত্থাপন হৈছে।
বিধায়ক নুৰুল হুদাৰ পৃষ্ঠপোষকতা একাংশই অৰুনোদয়ত চলাই গৈছে ব্যাপক অনিয়মৰ অভিযোগ সেয়া এতিয়া প্ৰশ্ন হৈছে।
কিয়নো খাইৰুল ইছলাম নামৰ লোকজনে বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই চলাইছে দুৰ্নীতি।
টকাৰ বিনিময়ত প্ৰকৃত আৰু যোগ্য হিতাদিকাৰী বঞ্চিত কৰাৰ অভিযোগ খাইৰুল ইছলামৰ বিৰুদ্ধে।
হাতীপাৰা পঞ্চায়তৰ কোন এই গৰাকী উঠি ৰজা বহি ৰজা খাইৰুল ইছলাম, কাৰ আৰ্শীবাদত পঞ্চায়তত দপদপাই থাকে পঞ্চায়তত।
বিধবা, দুখীয়া ,যোগ্য হিতাদিকাৰীক ন্যায় দিবলৈ আহ্বান জনায় বিভাগীয় কর্তৃপক্ষক।
