ৰূপহীহাটৰ শালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড।চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত এলেকা পশ্চিম শালপাৰাত সংঘটিত হয় এই অগ্নিকাণ্ড।বৈদ্যুতিক স্বৰ্ট শ্বাৰ্কিটৰ ফলত বিদ্যুতৰ তাঁৰত জুইৰ সূত্ৰপাত হয়স্থানীয় ৰাইজৰ সহযোগত বিদ্যুৎ সংযোগ কৰ্তন কৰি জুই নোমোৱাবলৈ সক্ষম হয়।নজৰুল ইছলাম নামৰ ব্যক্তি গৰাকীৰ ঘৰৰ পদূলিত কাৰেণ্টৰ খুটিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।বিদ্যুতৰ এই অগ্নিকাণ্ডৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজমান হৈ আছে।
