✍️ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ।
✍️বনৰীয়া হাতীৰ এটা জাকে ভাঙি তচ-নচ কৰে এগৰাকী বিধৱা মহিলাৰ বাসগৃহ।
✍️নিশা খাদ্যৰ সন্ধানত লাওঁখোৱা অভয়াৰণ্যৰ পৰা বনাঞ্চল এৰি জনাঞ্চললৈ উলাই আহিছিল বনৰীয়া হাতীৰ জাকটো।
✍️হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই বিধৱা মহিলাগৰাকীৰ ঘৰৰ ভৰালৰ ধান, চাউল খাই তহিলং কৰাৰ লগতে ভাঙি লণ্ড ভণ্ড কৰে কাহি বাটিকে ধৰি ৰন্ধা বঢ়াৰ সামগ্ৰী সমূহ।
✍️কোনোমতে ঘৰৰ পৰা উলাই গৈ প্ৰাণ ৰক্ষা কৰে মহিলা গৰাকীয়ে।
✍️কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন বন বিভাগ ।
✍️ক্ষতি পূৰণ বিচাৰি বন বিভাগক লিখিত পত্ৰ প্ৰেৰণ কৰে অসহায় মহিলা গৰাকীয়ে।

