ৰূপহীহাটতো চলিছে বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তীৰ প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে ৰূপহীহাটতো চলিছে বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তীৰ প্ৰস্তুতি। সেই উপলক্ষে ৰূপহীহাট আৰক্ষীৰ উদ্যোগত এটি পদযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই পদযাত্ৰাত আৰক্ষী-প্ৰশাসন গাওঁৰক্ষী বাহিনীৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে। প্ৰতিজন ভাৰতীয়ৰ বাবেই লাচিত চিৰ নমস্য বীৰ। সেই কথা সকলোকে সোঁৱৰাই পদযাত্ৰা উলিয়াই সজাগতা বৃদ্ধি কৰে ৰূপহী হাট আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *