ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ বিৰুদ্ধে খাৰুপেটীয়াত ASSP ৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ বিৰুদ্ধে খাৰুপেটীয়াত ASSP ৰ প্ৰতিক্ৰিয়া । সংখ্যালঘু মুছলমানক অত্যাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ASSP ৰ কেন্দ্ৰীয় সভাপতি মহম্মদ খলিফাৰ ।অসমত সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি চলাই থকা উচ্ছেদ অভিযান বন্ধ কৰিবলৈ তীব্ৰ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ খলিফাৰ ।-সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ল’লগানেৰে উত্তাল প্ৰতিবাদি কাৰ্যসূচী সাব্যস্ত কৰাৰ সময়তে অসম আৰক্ষীয়ে আমচো কৰ্মীক গ্ৰেপ্তাৰ কৰা ঘটনাক নিন্দা কৰিছে অসম সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাই । অমনৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে সকলো দল সংগঠনক এক হৈ ৰাইজৰ স্বাৰ্থত মাত মাতিবলৈ আহ্বান জনায় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *