ৰাজ্যৰ চৌদিশে হেঁপাহৰ ভোগালীক আদৰৰ প্ৰস্তুতি

হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে ৰাজ্য বিভিন্ন প্ৰান্তৰত দেখা গৈছে ভোগালীক আদৰা প্ৰস্তুতি। ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল তিতাডিমৰু গাঁৱৰ ৰাইজে এইবাৰ একত্ৰিত হৈ সমূহীয়াভাৱে ভোগালী বিহু অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে। অসমীয়া জাতিৰ স্বাভিমান ৰংঘৰক মুল আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰি ওলিয়াইছে ৩০ ফুট উচ্চতাৰ আৰু ৪০ ফুট দীঘল ভেলাঘৰ। গাওঁখনৰ ডেকা – গাভৰু, পুৰুষ-মহিলা সকলোৱে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হোৱা দেখা গৈছে। এইবাৰ তিতাডিমৰু গাঁৱৰ ৰাইজে বিহু লগত সংগতি ৰাখি বিভিন্ন লোকাচাৰ আৰু প্ৰাচীন খেল – ধেমালিও অনু্ষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে বুলি উল্লেখ কৰে উদযাপন সমিতিৰ বিষয় – ববীয়াসকলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *