নিশা অহা মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী এতিয়া পানীৰ তলত। ঠায়ে ঠায়ে এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাবলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ প্ৰশাসনে মুকলি কৰিছে হেল্প লাইন নম্বৰ।
এনে এক পৰিস্থিতিৰ মাজতে গুৱাহাটীবাসীৰ লগতে সমগ্ৰ ৰাজ্যলৈ আছে আন এটা বেয়া খবৰ। আগন্তুক ৩ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰিছে আগন্তুক ৯ অক্টোবৰলৈ বতৰৰ আগজাননী।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি ৯ অক্টোবৰলৈ ৰাজ্যত প্ৰৱল বৰষুণ, ধুমুবাৰ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কেইবাখনো জিলাত আজিৰ দিনটোত বৰষুণ অব্যাহত থাকিব।
