ৰাজ্যত ৬১তম শিক্ষক দিৱস উদযাপন।




আজি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৬১ তম জন্ম দিন উদযাপন।
আজিৰ দিনটোতে সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰে । ইয়াৰ সমান্তৰালকৈ শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা শিক্ষা বিভাগে শিৱসাগৰ যুৱদলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে পালন কৰে শিক্ষক দিৱস। উক্ত দিন জোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা শিক্ষক দিৱসত জিলাখনৰ ৩৬ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক জিলা কৃতী শিক্ষক বঁটা প্ৰদান কৰে ।
উল্লেখযোগ্য যে শিক্ষক দিৱসৰ দিনাই শিৱসাগৰ লৈ আহিল ভাল খবৰ:গুণোৎসৱত শিৱসাগৰ জিলাই লাভ কৰিলে প্ৰথম স্থান । আজি ঘোষণা কৰা গুণোৎসৱৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাই লাভ কৰিলে প্ৰথম স্থান। এই খবৰ লাভ কৰি আনন্দ প্ৰকাশ কৰিছে বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে। তেওঁ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰে।লক্ষ্যণীয় যে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শিক্ষক দিৱস উদযাপন কৰি থকাৰ সময়তে আহিল গুণোৎসৱৰ ফলাফল।সোমবাৰে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে শিৱসাগৰ যুৱদলত অনুষ্ঠিত কৰা
সভাত মূখ্য অতিথী হিচাপে বক্তৃতা প্ৰদান কৰে বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই । শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰী সকলক তোষামোদ কৰাতকৈ ভুল আঙুলিয়াই সঠিক পথৰ সন্ধান দিব লাগে বুলি আহ্বান জনাই । শিক্ষকতা কেৱল চাকৰি নহয় । সমাজ গঢ়িবলৈ বহু দায়িত্ব আছে শিক্ষক সকলৰ – এই মন্তব্য ড° জ্যোতি প্ৰসাদ শইকীয়াৰ । বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে আঁতধৰা অনুষ্ঠানটোত জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাবদ , লগতে জিলাখনৰ গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকি শিক্ষক দিৱসৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *