অসম-অৰুণাচল সীমান্তত ৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ । ঘটনাস্থলীত উপস্থিত আৰক্ষী-বায়ুসেনা বাহিনীৰ লোক।
ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক। ১৫ আগষ্টৰ স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা স্বাধীনে । কিন্তু আলফা স্বাধীনে এই কথা প্ৰকাশ কৰিছিল যে, কাৰিকৰী বিফলতাৰ বাবে তেওঁলোকৰ পৰিকল্পনা বিফল হয়। আলফা স্বাধীনে ৰাজ্যৰ ২৫ টা স্থানত বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰাৰ অপৰাধত ১০টা গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে ।এইবাৰ অসম-অৰুণাচল সীমান্তত উদ্ধাৰ কৰা হৈছে বৃহৎ আকাৰৰ বোমা। লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুং নদীত উদ্ধাৰ শক্তিশালী বোমা দুটা। বোমা দুটাৰ ওজন ৬ কুইণ্টল। ৫০০ আৰু ১০০ কেজি ওজনৰ দুটা সক্ৰিয় বোমা প্ৰত্যক্ষ স্থানীয় লোকৰ। বায়ুসেনা বাহিনীৰ বম্বিং ৰেঞ্জৰ সমীপত উদ্ধাৰ কৰা হয় এই বোমা। বৃহৎ আকাৰৰ বোমা দুটা উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। সেয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমা বুলি সন্দেহ আৰক্ষীৰ। অনুসন্ধানৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰু অৰুণাচল আৰক্ষী। বায়ুসেনা বাহিনীৰ লোকো উপস্থিত হৈছে ঘটনাস্থলীত। ৫০০ কেজি ওজনৰ এয়াৰক্ৰাফ্ট বোমাটো পৰীক্ষাৰ বাবে নিক্ষেপ কৰাৰ সন্দেহ। পূৰ্বতে পৰীক্ষণ সময়ত ব্যৱহাৰ কৰা বোমাৰ অৱশিষ্ট বুলি সন্দেহ প্ৰশাসনৰ। বিগত ২৫ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছিল বোমাটো। নদীৰ গভীৰতাৰ বাবে ১০০ কেজি ওজনৰ বোমাটো বিস্ফোৰণ নোহোৱাৰ সন্দেহ।