ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ। আহাৰমহীয়া বানত দিকবিদিক হেৰাই পেলাইছে মানুহৰ লগতে বন্য জীৱকুলে। বানৰ প্ৰকোপত ওখ স্থান বিচাৰি ঢাপলি মেলিছে বন্য জীৱকুলে। তথ্য অনুসৰি বানৰ কৱলত পৰিছে ১২,১০,১৬৫ জীৱ-জন্তু। কিন্তু ইয়াৰ মাজতে মাজত ৰাজ্যত সংঘটিত কিছু শোকাৱহ ঘটনা।বানৰ মাজতে কাজিৰঙাত বনৰীয়া গাহৰিৰ আক্ৰমণৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা গাহৰীটোৱে আক্ৰমণ কৰে এজন লোকক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনৰ হাৰমতিত এই ঘটনা। ডুকু চাওতাল নামৰ লোকজনক প্ৰাথমিক চিকিৎসাৰ বাবে কুঠৰী হাস্পতালত ভৰ্তি কৰা হয়।ইফালে বিহালীৰ ৰাংচালী-দলনীত বাঘৰ আক্ৰমণত মৃত্যু এজন লোকৰ ৷ মৃত লোকজনৰ নাম মহম্মদ হুছেইন বুলি চিনাক্ত ৷