ৰাজ্যজোৰা অঙ্গনাৱাদী ৰন্ধনকৰ্মীৰ বিক্ষোপ কাৰ্য্যসূচী

বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যজোৰা অঙ্গনাৱাদী ৰন্ধনকৰ্মীৰ বিক্ষোপ কাৰ্য্যসূচী। CITUৰ উদ্যোগত ৰন্ধন কৰ্মীয়ে ঘেৰাওঁ কৰে কলগাছিয়া ৰূপসী শিক্ষা খণ্ডৰ কাৰ্য্যালয়। বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যজোৰা ৰন্ধন কৰ্মীৰ বিক্ষোপ কাৰ্য্যসূচীৰ সমৰ্থনত আজি পুৱা কলগাছিয়াৰ ৰূপসী শিক্ষা খণ্ডৰ কাৰ্যালয় চৌহদত CITU ৰ উদ্যোগত উলাই আহে প্ৰায় অৰ্ধশতাধিক অঙ্গনাৱাদি ৰান্ধনী কৰ্মী। মহিলাসকল ওলাই আহি কলগাছিয়াস্থিত ৰূপসী শিক্ষা খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰে। “সকলো বকেয়া মাননি অতি শীঘ্ৰে আৰু সময় মতে আদায় দিয়ক। অৰুণোদয় আঁচনিৰ হিতাধিকাৰি হিচাবে নহয়, সম পৰিমাণৰ ধন মাননিৰ লগতে যুক্ত কৰি ৰন্ধন কৰ্মীক প্ৰদানৰ দাবীত এই বিক্ষোপ কাৰ্য্যসূচী।” আজিৰ এই বিক্ষোপ কাৰ্য্যসূচীৰ পিছতো বিজেপি চৰকাৰে শ্ৰমিক বিৰোধী আৰু জনবিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৰন্ধন কৰ্মী মহিলাসকলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *