ৰাজনৈতিক পথাৰত নহয় । এইবাৰ খেলপথাৰত বক্সাৰ ৰূপত সন্মুখত প্ৰতিদ্বন্দ্বিতাত জপিয়াই পৰিল ৰাজ্যৰ বহুকেইটা বিভাগৰ কেবিনট মন্ত্ৰী যোগেন মহন আৰু মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ । দুই আহোম জনপ্ৰতিনিধিৰ এই খেলখনৰ সাক্ষী হৈ ৰ’ল শতাধিক দৰ্শক, খেলুৱৈ আৰু বিশিষ্ট অতিথিসকল । দুই জনপ্ৰতিনিধিৰ হাতত ৰঙা আৰু নীলা ৰঙৰ গলফ পৰিধান কৰি ইজনে-সিজনক প্ৰচণ্ড প্ৰহাৰ কৰাত ৰিঙত কোনজনে যেন হাৰ মনা নাই । অৱশেষত খেল পৰিচালকে উপায়হীন হৈ দুয়োজন জনপ্ৰতিনিধিক বিজয়ী হোৱা বুলি ঘোষণা কৰে । অসম এমেচাৰ বক্সিং সন্থাৰ তত্বাৱধানত, চৰাইদেউ জিলা বক্সিং সন্থাৰ উদ্যোগত আৰু মাহমৰা লুখুৰাখন দিব্যজ্যোতি সংঘ আৰু কচুমাৰি যুৱ সমাজৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়াকৈ কচুমাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা ৪৩ তম চাব জুনিয়ৰ লৰা/ছোৱালী আৰু ৪২ তম যুৱ পুৰুষ/মহিলা বক্সিং প্ৰতিযোগিতা উদ্বোধন কৰি অসম চৰকাৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে এনেদৰে সন্মুখ প্ৰতিদ্বন্দ্বিতাত অংশ লয় । ৰাজ্যৰ ৩১ খন জিলাৰ পৰা প্ৰায় ৪৫০ গৰাকী খেলুৱৈ অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত উদ্বোধনী খেলখনত শিৱসাগৰ আৰু তিনিচুকীয়া জিলা জুনিয়ৰ লৰাৰ মাজত অনুষ্ঠিত হয় । উদ্বোধনী খেলখনত শিৱসাগৰে তিনিচুকীয়া জিলাক পৰাভূত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে । ইয়াৰ পূৰ্ৱে প্ৰতিযোগিতাখনৰ এক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । আয়োজক সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা কুশল দত্তই আঁত ধৰা অনুষ্ঠানটোত কেবিনেট মন্ত্ৰী যোগেন মহন, মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ নগেন চেতিয়া, ৰিং অফিচিয়েট পদুম বড়ো, অসম এমেচাৰ বক্সিং সন্থাৰ যুটীয়া সম্পাদক অঞ্জন বৰঠাকুৰ, অশোক বৰুৱা, ৰিং অফিচিয়েটৰ সম্পাদক ৱাচিমবিন কুটুম, অসম এমেচাৰ বক্সিং সন্থাৰ কোষাধ্যক্ষ শংকৰ প্ৰধান আৰু চৰাইদেউ জিলা বক্সিং সন্থাৰ সভাপতি নৱ বৰুৱা উপস্থিত থাকে । আনহাতে প্ৰতিযোগিতাখন উদ্বোধন কৰি কেবিনেট মন্ত্ৰী যোগেন মহনে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘খেলো ইণ্ডিয়া’ যোগেদি দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক নিৰ্বাচিত কৰি বিভিন্ন খেলৰ জৰিয়তে দেশক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । অসমৰ পৰা লাভলীনা বৰগোঁহাই, শিৱ থাপা দৰে খেলুৱৈ সৃষ্টি কৰিবলৈ হলে এই প্ৰতিযোগিতাসমূহ আয়োজন কৰা অতি প্ৰয়োজন আছে । কাৰণ খেলৰ জৰিয়তে এখন সু-শৃংখল আৰু সামাজিক দায়বদ্ধতা সমাজ গঢ়িব পাৰি । আনহাতে আয়োজক সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা কুশল দত্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, সততে এইসমূহ খেল নগৰাঞ্চলত অনুষ্ঠিত হয় । কিন্তু এইবাৰ প্ৰথমবাৰলৈ আমি গ্ৰামাঞ্চলত অনুষ্ঠিত কৰিছো । কাৰণ গ্ৰামাঞ্চলত বহু প্ৰতিভাসম্পন্ন খেলুৱৈ থাকে । কিন্তু উপযুক্ত খেলৰ পৰিৱেশ নথকাৰ বাবেই আমাৰ খেলুৱৈসকল ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ লৈ যাব নোৱাৰে । সেয়েহে আমি প্ৰথমবাৰলৈ এই প্ৰতিযোগিতা গ্ৰামাঞ্চলত অনুষ্ঠিত কৰিছো । উল্লেখ্য যে, আজিৰে পৰা অহা ২১ জুলাই লৈকে অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাখন প্ৰত্যেক দিনা নিশা ১০ বজাৰ লৈকে অনুষ্ঠিত হব বুলি আয়োজক সমিতিৰ সম্পাদক চন্দন গগৈয়ে জানিবলৈ দিছে ।
