ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে

ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে।অসম আৰক্ষীৰ অবিবেচক কাণ্ড:যধে মধে তদন্তৰ নামত ৰাতি থানালৈ নিয়ে আৰু নিৰ্মম প্ৰহাৰ।একাংশ আৰক্ষীৰ হৈছে কি?*নিৰ্মম! নিৰ্দয়! হৃদয়হীন! অমানৱীয়! পুলিচৰ তদন্তত সাম্প্ৰদায়িকতা। খাকী পোছাকত সাম্প্ৰদায়িকতাৰ সং সানিলে খোদ আৰক্ষী বিষয়াই।
এক পক্ষীয়ভাৱে নিৰ্দোষী ধৰ্মীয় সংখ্যালঘু লোকক তাৰ্গেট কৰি তদন্ত চলাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কোকৰাঝৰ জিলাৰ গোসাইগাওঁ থানাৰ অন্তৰ্গত তুলসীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপ জ্যোতি নাথৰ বিৰুদ্ধে। যোৱা ২৩ ফেব্ৰুৱাৰী তাৰিখে তুলসীবিলৰ শনি মন্দিৰ বজাৰত সংঘটিত হোৱা চি এছ পি ডকাইতি কাণ্ডৰ সোধ পোছৰ বাবে নিৰ্দোষী মানুহক নিশা ১২ বজাত ঘৰৰ পৰা তুলি লৈ গৈ অতি নিৰ্মম আৰু বৰ্বৰ ভাবে নিৰ্যাতন চলাৱাৰ অভিযোগ তুলসীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপ জ্যোতি নাথৰ বিৰুদ্ধে।
তদন্তৰ নামত কেৱল ধৰ্মীয় সংখ্যালঘু লোকক তাৰ্গেট কৰি চলোৱা নিৰ্মম আৰু বৰ্বৰ ভাবে কৰা নিৰ্যাতনৰ বিৰোধিতা কৰি তুলসীবিল অঞ্চলৰ মহিলা সকলে আজি তুলসীবিল আৰক্ষী চকী ঘেৰাও কৰি নিৰ্দোষী লোক সকলক মুক্তি দিয়াৰ দাবী জনায়।
কলা কাপোৰেৰে চকু বান্ধি পাহাৰত লৈ গৈ এনকাউণ্টাৰৰ হুমকি দিয়াৰ অভিযোগ নিপ জ্যোতি নাথৰ বিৰুদ্ধে*। ইপিনে মহিলাসকলে থানা ঘেৰাও কৰাৰ পিছত কৰায়ত্ত কৰা তিনিজন লোকক এৰি দিয়াৰ পিছত আৰক্ষীৰ নিৰ্মম আৰু বৰ্বৰ নিৰ্যাতনৰ বলি হোৱা দুই গৰাকী ব্যক্তিৰ নিৰ্মম অত্যাচাৰৰ দৃশ্য দেখিলে আপানোৰ অন্তৰ কপিঁ উঠিব?আৰক্ষীৰ এনে কৰ্মকাণ্ডই অঞ্চলটোত চিন্তা কৰিবলৈ বাধ্য কৰাইছে,
কিয় নিৰ্মমতাৰ সীমা চেৰাই যায় একাংশ আৰক্ষীয়ে? আৰক্ষীৰ পোছাকযোৰ পিন্ধিলেই কিয় বৰ্বৰতাৰ সীমা অতিক্ৰম কৰে একাংশ আৰক্ষীয়ে? এনেকুৱা অমানৱীয় আচৰণ কিয়?
অঞ্চলটোত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে?

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *