‘মৃগয়া’, ‘সুৰক্ষা’ আৰু ‘ডিস্কো ডান্সাৰ’ৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত অভিনেতা মিথুন চক্ৰৱৰ্তীক সোমবাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটাৰ বাবে মনোনীত কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই বঁটাৰ বাবে অভিনেতাজনৰ নাম ঘোষণা কৰে। তেওঁ লিখিছে – মিথুন দাৰ সুন্দৰ চলচ্চিত্ৰ যাত্ৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে। দাদাচাহেব ফালকে বাছনি সমিতিয়ে ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰি গৌৰৱান্বিত। মন্ত্ৰী বৈষ্ণৱে কয় যে চক্ৰৱৰ্তীয়ে ৮ অক্টোবৰ, ২০২৪ তাৰিখে ৭০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা লাভ কৰিব। উল্লেখ্য যে ৭৪ বছৰীয়া চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত মৃনাল সেনৰ ছবি “মৃগয়া”ৰ জৰিয়তে চলচ্চিত্ৰত অভিনয়ৰ আৰম্ভণি কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
৮ অক্টোবৰত মিথুন চক্ৰৱৰ্তীক চৰকাৰে প্ৰদান কৰিব “দাদাচাহেব ফালকে বঁটা”
