২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ

বিটিআৰৰ পৰা অবড়ো গাওঁ কৰ্তন নকৰি পুনৰ গাওঁ অন্তৰ্ভুক্ত কৰাত তীব্ৰ বিৰোধিতা অবড়ো নেতৃত্বৰ গাওঁ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত ২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ।বিটিআৰৰ পৰা অবড়ো গাওঁ কৰ্তন নকৰি পুনৰ গাওঁ অন্তৰ্ভুক্ত কৰাত তীব্ৰ বিৰোধিতা কৰে অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই ৷ এই সন্দৰ্ভত আজি হাউলীত অনুষ্ঠিত হোৱা সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত অসম চৰকাৰে লোৱা ভুমিকাক সমালোচনা কৰে ৷ ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে বিটিআৰত আৰু কেবাখনো গাওঁ অন্তৰ্ভুক্ত কৰাত তীব্ৰ প্ৰতিবাদ জনায ৷ ইতিমধ্যে বিটিআৰৰ পৰা অবড়ো গাওঁ কৰ্তনৰ বাবে আযোগ গঠন কৰা হৈছিল যদিও এই আয়োগক নস্যাৎ কৰি পুনৰ অবড়ো গাওঁ অন্তৰ্ভুক্ত কৰা কাৰ্যক হিটলাৰী কাৰ্য বুলি অভিহিত কৰে অবড়ো নেতৃত্বই ৷ আয়োগক নস্যা কৰি পুনৰ অবড়ো গাওঁ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত অহা ২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিয়ে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *