২০২৪ বৰ্ষত অনুষ্ঠিত হ’ব অলিম্পিক । ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ’ব লগীয়া এই অলিম্পিকলৈ সাজু হৈ উঠিছে সকলো খেলুৱৈ।সাজু হৈছে অলিম্পিয়ান নীৰজ চোপ্ৰাও। শসাংবাদিকৰ সন্মুখত বিভিন্ন প্ৰশ্নৰ উত্তৰ দি অলিম্পিয়ান গৰাকীয়ে কয় যে, “পেৰিছ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ থ্ৰ’ৱাৰসকল সমবেত হোৱাটো নিশ্চিত । সেইবাবেই বৰ্তমানে মোৰ প্ৰস্তুতি আৰু গেমৰ ওপৰতে যথেষ্টকৈ গুৰুত্ব আৰোপ কৰিছো ।”
