২০২২ বৰ্ষৰ বিদায়ৰ ক্ষণত শিৱসাগৰলৈ আহিল এটি সু খবৰ
পলাশ গছৰ পাতত বিষ্ণুৰ অৱতাৰ অংকন কৰি ASIA BOOK OF RECORD আৰু INDIA BOOK OF RECORD ত নাম সন্নিবিষ্ট কৰিবলে সক্ষম হ’ল শিৱসাগৰৰ এজন ছাত্ৰয়ে
শিৱসাগৰৰ মেলাচকৰৰ নিবাসী গুৰু প্ৰসাদ বৰুৱা আৰু অৰ্চনা বৰুৱাৰ পুত্ৰ পলাশ প্ৰতিম বৰুৱায়ে কঢ়িয়াই আনিলে এই সু খবৰটো
পলাশ প্ৰতিম বৰুৱা শিৱসাগৰ কলেজৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ
শিৱসাগৰৰ এজন বিশিষ্ট চিত্ৰ শিল্পী সুজিত বৰুৱাৰ পৰা আনুষ্ঠানিকভাৱে চিত্ৰ অংকনৰ শিক্ষা গ্ৰহন কৰি আছে পলাশে
পলাশ পাতত চতুৰ্বিংশতি অৱতাৰ অঙ্কনেৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্ত্তনঘোষাত বৰ্ণিত ভগৱান বিষ্ণুৰ ২৪ অৱতাৰক পলাশ গছৰ পাতত অঙ্কন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ পলাশ প্ৰতিম বৰুৱাই।
পিতৃ মাতৃ উৎফলিত পলাশৰ সফলতাত
উল্লেখযোগ্য যে, ৩ × ২.৫ চে.মি. জোখৰ এই চিত্ৰসমূহ অংকন কৰা হৈছে পুৰণি অসমীয়া পুথিচিত্ৰৰ আৰ্হিত।

