১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় বজৰং দলৰ অভিনৱ প্ৰতিবাদ



১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় বজৰং দলৰ অভিনৱ প্ৰতিবাদ। জাল জাকৈ লৈ প্ৰতিবাদ কৰে। ৰাষ্ট্ৰীয় ঘাইপথত মাছ মাৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা ৰাষ্ট্ৰীয় বজৰং দলৰ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ মুৰ্দাবাদ, ধুবুৰী জিলা প্ৰশাসন মুৰ্দাবাদ, ধুবুৰী জিলা উপায়ুক্ত মুৰ্দাবাদ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সোনকালে মেৰামতি কৰি দিয়ক ইত্যাদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে।

উল্লেখযোগ্য যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীপুৰ আৰু গোলকগঞ্জৰ মাজৰ খিনি জৰাজীৰ্ণ। পথৰ মাজত পুখুৰী সদৃশ গাত। এনেকুৱা জৰাজীৰ্ণ পথেৰেই বৰ্তমান চলাচল তথা যাতায়ত কৰি আছে ধুবুৰীবাসী ৰাইজ। কব গলে একপ্ৰকাৰ নৰকযন্ত্ৰনা ভোগ কৰি আছে জনসাধাৰণ। সৰু সুৰা বাহনৰ কথা বাদেই দিলো, ডাঙৰ ডাঙৰ বাহনবৰো বাগৰি পৰিব ধৰে। বক্সীৰহাট, আগমনি, গোলোকগঞ্জ ইত্যাদি ঠাইৰ বেমাৰীক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিওতেও কষ্ট। গৰ্ভৱতী মহিলাক গাড়ীৰে নিব নোৱাৰি। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীপুৰ আৰু গোলকগঞ্জৰ মাজৰ অংশ প্ৰতিবছৰেই জৰাজীৰ্ণ হৈ পৰে। স্থায়িত্ব নাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীপুৰ আৰু গোলকগঞ্জৰ মাজৰ অংশ। নেচনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াও যেন মাহী আইৰ দৃষ্টিৰে চায় ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশক। সেয়ে আজি ৰাষ্ট্ৰীয় বজৰং দলে বালাজানত ৰাষ্ট্ৰীয় ঘাইপথত জাল জাকৈৰে মাছ ধৰি প্ৰতিবাদ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *