হোৱাইট হাউচৰ সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা। বিমানখন কানছাছ চিটিৰ পৰা ৱাশ্বিংটনলৈ অভিমুখে আহি আছিল। বিমানখন আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পিছত পট’মেক নদীত পৰি যায় বিমানখন । নদীখনৰ পৰা ইতিমধ্যে ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাতৰি অনুসৰি, বিমানখনত ৬০ জন লোক আছিল।বিমান আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পাছত বিমানবন্দৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে। বৰ্তমান পট’মেক নদীত আছে হেলিকপ্টাৰ আৰু বিমানখনৰ ধ্বংসাৱশেষ। দ্ৰুত গতিত চলি আছে উদ্ধাৰ অভিযান । বিমানখনৰ সৈতে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মি ব্লাকহাক (H-60) হেলিকপ্টাৰ। দুৰ্ঘটনাটোৰ পিছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰ ।