হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ।আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ মুঠ ২,১১৪খন বিহু সমিতিক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰে পৰা বিহু সমিতিসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা এই আঁচনিখন ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ সংস্কৃতি, বিশ্বাসৰ সুৰক্ষা আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দৃঢ় সংকল্প। চৰকাৰৰ এই পদক্ষেপে নিৰ্বাচিত বিহু সমিতিসমূহক অসমৰ বৰ্ণিল সাংস্কৃতিক ক্ষেত্ৰত বিহুৰ গুৰুত্বৰ সৈতে খাপ খোৱাকৈ তেওঁলোকৰ নিজ নিজ বিহু অনুষ্ঠানসমূহ সন্মানজনকভাৱে আয়োজন কৰাত সহায় কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আজিৰ অনুষ্ঠানত কেবিনেট সতীৰ্থ তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীবিমল বড়া, মাননীয়া সাংসদ শ্ৰীমতী কুইন ওজা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাং আৰু বিধায়ক ড° পৰমানন্দ ৰাজবংশীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *