হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ বীজ সিঁচিব খুজিছে -আব্দুল খালেকে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ চাপৰি মাটি পাট্টা সন্দৰ্ভত সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰত বৰপেটা সাংসদ আব্দুল খালেকে মন্তব্য কৰে যে হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ বীজ সিঁচিব খুজিছে।

মাজুলীত যদি তিনি পুৰুষ ধৰি বাস কৰা মানুহে পট্টা পাব পাৰে তেনেহলে চৰ অঞ্চলৰ মানুহেও পাব লাগিব।

মাটিৰ পট্টাৰ ক্ষেত্ৰত কোনো ধৰনৰ বৈষম্য কৰা উচিত নহয় যিহেতু চৰ অঞ্চল অসমৰ অবিছেদ্য। চৰৰ ৰাইজেও যিসকলে তিনি পুৰুষ ধৰি বসবাস কৰি আহি আছে তেওঁলোকে পট্টা পোৱা উচিত।

বৰ্তমান মূখ্যমন্ত্ৰী নিজৰ মন মগজুত যি আহে সেই মতেই সেচ্ছাচাৰ চলাই আছে, যিটো সঠিক কথা নহয়।

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাহুল গান্ধীক নিজৰ নেতা মানিছিল, ৰাহুল গান্ধীৰ প্ৰশংসা কৰিছিল।

এতিয়া তেখেতে দুৰ্নীতিৰ গোচৰৰ পৰা হাৰিবলৈ বিজেপিত যোগ দি মুখ্যমন্ত্ৰী হৈছে বেলেগ কথা।

ৰাহুল গান্ধী Physically “হিমাচল গ’ল নে গুজৰাট গ’ল” সেইটো গুৰুত্বপূৰ্ণ কথা নহয়।

গুজৰাটত এইবাৰ গুজৰাটী ৰাইজে বিজেপিক বিদায় দিব, সেই কথাত কোনো ভুল নাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *