হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰী হ’ব বিতৰ্কিত লেখিকা ডঃ শিখা শৰ্মা।শাসকীয় বিজেপি চৰকাৰে ভাগ ভাগ কৰা অসমৰ হিন্দু মুছলমান সম্প্ৰদায়ৰ মাজত এখন সেতু হব খোজে বিতৰ্কিত লেখিকা ডঃ শিখা শৰ্মাই । নিজে হিন্দু হৈও ইছলাম ধৰ্মী লোকৰ ঘৰত নৈশ যাপন কৰি ৰোজা ৰাখি এই প্ৰচেষ্টা চলাইছে লেখিকা গৰাকীয়ে । কলিয়াবৰৰ ইছলামধৰ্মী লোক এজনৰ ঘৰত ইফটাৰ পাৰ্টি কৰি এই কথা প্ৰকাশ কৰিছে লেখিকা গৰাকীয়ে । লেখিকা গৰাকীৰ জনপ্ৰিয়তা বৃদ্ধিত শংকিত হৈছে কংগ্ৰেছ বিজেপি । বিশেষকৈ বৰপেটা , কলিয়াবৰ আৰু নগাওঁ সমষ্টিৰ সাংসদ কেইগৰাকী তেওঁক লৈ চিন্তিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বিতৰ্কিত মহিলা গৰাকীয়ে ।
