হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড।



হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড।

নিমিষতে চাই হ’ল কৃষ্ণা চুতীয়াৰ বাসগৃহ।

কথমপি জীৱন বাছিল দুই কনমানিৰ।
লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত আজি সন্ধিয়া অজ্ঞাত কাৰনত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ’ল বাসগৃহ।

কথমপি জীৱন ৰক্ষা পৰিল দুই কনমানিৰ।সন্ধিয়া গোসাই ঘৰত সেৱা প্ৰাৰ্থনা কৰাৰ সময়তে ভিতৰৰ কোঠাৰ পৰা জুই লাগে।জুইৰ প্ৰকোপ ইমানেই বেছি যে ঘৰৰ পৰা কোনো এপদো বস্তু উলিয়াবলৈ সক্ষম নহল।সেই সময়ত কৃষ্ণা চুতীয়াৰ তিনিজন পুত্ৰৰ ভিতৰত কোনো এজনো ঘৰত নাছিল।কেৱল ঘৰত দুই বোৱাৰী আৰু দুই কনমানি নাতি সৈতে কৃষ্ণা চুতীয়া ঘৰত আছিল।

জানিব পৰা মতে সন্ধিয়া ধুণাবাঁতিৰ পৰাই জুই লগাৰ সন্দেহ।ইতিমধ্যে স্থানীয় শতাধিক ৰাইজে জুই নিৰ্বাপিত কৰাৰ প্ৰায় ডেৰ ডেৰঘণ্টাৰ পিছতহে বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *