কামৰূপ জিলাৰ হাজো সমষ্টিত এইবেলি প্ৰলয়ংকাৰী বানৰ কবলত বহু লোকে বৰ্তমানো আশ্ৰয় শিবিৰত বসবাস কৰি আছে। বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও স্বাভাৱিক পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই । ভেটি মাটি বুৰ গৈ আশ্ৰয় শিবিৰত থকা লোক সকলৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আজি উপস্থিত হয় বিধায়িকা সুমন হৰিপ্ৰীয়া ।হাজোৰ দিহিনা, ভোমা, বাগটা , হৈনাদি ,জাপিয়াত উপস্থিত হৈ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বান বিভিষীকাৰ দৰে জটিল পৰিস্থিতিৰ সন্মূখীন হোৱা দিশহাৰা ৰাইজৰ দুখৰ সমভাগি
হয় বিধায়িকা সুমন হৰিপ্ৰীয়া।