হাঁহচৰা লাটুম গাঁৱৰ ঘটাচুকত অবৈধ মাটিখনন

হাঁহচৰা লাটুম গাঁৱৰ ঘটাচুকত অবৈধ মাটিখনন । অবৈধ মাটিখনন বন্ধৰ নামত নাটক কৰি আহিছে শিৱসাগৰৰ বনবিভাগে।

যি সময়ত ৰাজ্যচৰকাৰে চিণ্ডিকেট,অবৈধ খননৰ বিৰুদ্ধ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক সেই সময়ত একাংশ অসাধু ব্যৱসায়ে ৰাজ্য চৰকাৰৰ নীতি আদৰ্শকো বুঢ়া আঙুলি দেখুৱাই চলাই নিছে অবৈধ মাটিখনন।

অনুজ্ঞাপত্ৰবিহীনভাৱেই শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁৱৰ ঘটাচুকত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই একাংশ অসাধু ব্যৱসায়ে চলাই গৈছে অবৈধ মাটিখনন।

এই অবৈধ মাটিখনন ৰোধৰ ক্ষেত্ৰত অসমৰ্থ শিৱসাগৰ বনসংমণ্ডলৰ বিষয়া।শিৱসাগৰৰ হাঁহচৰাৰ লাটুম গাঁৱৰ ঘটাচুকৰ এখন জংঘলত বিস্তৃৰ্ণ এলেকা অসাধু ব্যৱসায়ে অনুজ্ঞাপত্ৰবিহীন ভাৱে চলাইছে অবৈধ মাটিখন।

আগে আগে অবৈধ মাটিখননৰ লগত জড়িত যানবাহন পিছে পিছে শিৱসাগৰৰ বনবিভাগৰ এখন বিলাসী বাহনত শিৱসাগৰৰ বনবিভাগৰ বনবিষয়া যানবাহন জব্দ কৰিবলৈ যোৱা এখন নাটক।

শিৱসাগৰৰ হাঁহচৰাৰ লাটুম গাঁৱৰ ঘটাচুকৰ এখন জংঘলত গভীৰ উচ্চতালৈকে চলাই নিছে এই অবৈধ মাটিখনন।জীৱকুললৈও যেন আহি পৰিছে এতিয়া ভাবুকি।যিগৰাকী ব্যক্তিৰ মাটিত এই খনন চলিছে তেওঁৰ মতে এইয়া ফিচাৰী খুলিবলৈ খান্দিছে বুলি কোৱাৰ বিপৰীতে তেওঁৰ নিজ মুখেৰে ওলাই এইয়া অবৈধ মাটিখনন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *