সৰুপথাৰৰ চুঙাজানত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ

সৰুপথাৰৰ চুঙাজানত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ

গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত ক’লা হীৰাৰ ৰমৰমীয়া বেহা । সীমান্তৰ চুঙাজানত লাচিত সেনা অসম সুৰক্ষা বাহিনীৰ তৎপৰতাত চুঙাজান আৰক্ষীয়ে জব্দ কৰে NL 01 A 8648 অবৈধ কয়লা ভৰ্তি ট্ৰাক । চুঙাজানৰ বিবাদমান অঞ্চলত যাৱতীয় নথি পত্ৰৰ অবিহনে নিৰ্মিত সীমান্তৰ B চেক্টৰৰ এটা ইটা ভাটাত ৰাজ্য চৰকাৰক কৰ ফাঁকিৰে কয়লা যোগান ধৰাৰ সময়তেই লাচিত সেনা সুৰক্ষা বাহিনীৰ বিষয়ববীয়া, সীমান্তত নিয়োজিত চি আৰু পি এফ বাহিনীৰ সহযোগত চুঙাজান আৰক্ষীয়ে ইটা ভাটাটোৰ পৰা জব্দ কৰে কয়লা ভৰ্তি ট্ৰাকখন । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *