সুলভ মূল্যৰ দোকানৰ এজেন্টে গ্ৰাহকৰ চাউল হৰলুকি কৰাৰ অভিযোগ

নগাঁৱৰ দক্ষিণ কামপুৰ সমবায় সমিতিৰ অন্তৰ্গত গেৰজাইপাম সুলভ মূল্যৰ দোকানৰ এজেন্টে গ্ৰাহকৰ চাউল হৰলুকি কৰাৰ অভিযোগ

নগাঁৱৰ দক্ষিণ কামপুৰ সমবায় সমিতিৰ অন্তৰ্গত গেৰজাইপাম সুলভ মূল্যৰ দোকানৰ এজেন্টৰ বিৰুদ্ধে গ্ৰাহকৰ ক্ষোভ । গেৰজাইপাম সুলভ মূল্যৰ দোকানৰ এজেন্টজনে বিগত কেইবাবছৰ ধৰি গ্ৰাহকক সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । এজেন্ট চম্পা ঘোচৰ স্বামী বিমল ঘোচে গ্ৰাহকৰ পৰিয়ালৰ সদস্যৰ বিপৰীতে কমকৈ চাউল বিতৰণ , বিধৱা মহিলাৰ নাম কৰ্তন, প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে চৰকাৰী চাকৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি অনিয়ম সংঘটিত কৰাৰ অভিযোগ ।

ইফালে সুলভ মূল্যৰ দোকান খনত কাৰ্যবাহী দণ্ডাধীশ আৰু খাদ্য বিভাগৰ বিষয়া উপস্থিত হৈ সমগ্ৰ বিষয়টো তদন্ত কৰি গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *