সামাজিক মাধ্যমত ভাইৰেল হোৱা ৰহস্যময়ী নাৰীৰ ৰহস্য ফাদিল

চচিয়েল মিডিয়াত ভাইৰেল হোৱা নাজিৰা মেজেঙ্গাৰ সমীপত ওলোৱা ৰহস্যময়ী নাৰীৰ ৰহস্য ফাদিল।


মহিলাগৰাকী মেজেঙ্গাৰ কেতেকীবাৰীৰ নিবাসী প্ৰয়াত লক্ষীৰাম কুৰ্মী আৰু প্ৰয়াত লঘ্নী কুৰ্মীৰ কন্যা বুলি জানিব পৰা গৈছে ।


এই মহিলা গৰাকী এগৰাকী মানসীক ৰোগী বুলি স্থানীয় ৰাইজে নিশ্চিত কৰি নাজিৰা গেলেকী হাটিপটি স্থিত মানসিক ৰোগীৰ পুনসংস্থাপন কেন্দ্ৰত খবৰ দিয়ে ।

পৰৱৰ্তী সময়ত এই মানসিক ৰোগী পুন সংস্থাপন কেন্দ্ৰৰ বিষয়ববীয়া আহি মহিলা গৰাকীক উদ্ধাৰ কৰি সংস্থাটোৰ কেন্দ্ৰলৈ লৈ গৈছে ।

মহিলাগৰাকীক উন্নত চিকিৎসাৰ প্ৰয়োজন হলে জিলাৰ পৰা বাহিৰলৈ নিয়া হব বুলি জানিব দিছে সংস্থাটোৰ সঞ্চালকগৰাকীয়ে ।

এই সন্দৰ্ভত জনগণক ভিতিগ্ৰস্ত নহবলৈ আহ্বান জনাইছে মেজেঙ্গা কেতেকীবাৰীৰ গাওঁ প্ৰধানজনে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *