সাংবাদিক জয়ন্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

96

সাংবাদিক জয়ন্ত কুমাৰ দাসৰ অৱস্থা সম্প্ৰতি অতি সংকটজনক ৷ জটিল ৰোগত আক্ৰান্ত হৈ দাসে বৰপেটা জিলাৰ সৰুপেটাৰ পিতৃৰ বাসগৃহত অসহায় অৱস্থাত চটফটাই আছে ৷

আমাৰ অসম কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰা দাসে বৰ্তমান গণ অধিকাৰ কাকতৰ বৰপেটাৰোডস্থ প্ৰতিনিধি হিচাপে নিয়োজিত হৈ আছে ৷ দাসে তেওৰ জনপ্ৰিয় ফেচবুক পেজ বৰপেটা এক্সপ্ৰেছৰ জৰিয়তে জিলাখনৰ লগতে সমগ্ৰ অসমৰ বা-বাতৰি প্ৰকাশ কৰাৰ উপৰিও এন কে টিভিৰ জৰিয়তেও সংবাদসেৱা কৰিছে ৷

প্ৰায় এবছৰমান আগতে দাসৰ হাৰ্ণিয়াৰ অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ গুৱাহাটীলৈ যাওতে হৃদৰোগত আক্ৰান্ত হৈ থকাৰ কথা ধৰা পৰে ৷ তেতিয়া ততাতৈয়াকৈ তেওঁৰ বাইপাছ চাৰ্জাৰী কৰি কেইমাহমান পাছত হাৰ্ণিয়াৰ অস্ত্ৰোপ্ৰচাৰ কৰা হয় ৷ দুয়োটা অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন হয় যদিও কেইমাহমান পাছত দাসৰ আন এক জটিল ৰোগ দেখা দিয়ে ৷

এতিয়া দাসৰ বিশেষভাৱে সক্ষম এগৰাকী ভগ্নী আৰু ভাতৃ পৰিয়ালে দাসৰ এনে অৱস্থাকলৈ অসহায় অৱস্থাত পৰিছে ৷ আৰ্থিকভাৱেও যথেষ্ট দুৰ্বল হৈ পৰা পৰিয়ালটোৱে এতিয়া দিক-বিদিক হেৰুৱাইছে ৷ টেক্সটাইল ইঞ্জিনিয়াৰ ডিপ্লোমাধাৰী দাসে ১৯৯২ চনত গৃহ চহৰ সৰুপেটাত জে কে এপাৰেলচ নামৰ এটা চাৰ্ট নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগ খুলি ব্যৱসায়ৰে জীৱন আৰম্ভ কৰে যদিও অসমৰ জ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই উদ্বোধন কৰা এই উদ্যোগটো কেইবছৰমান পাছতে বন্ধ হৈ পৰে ৷