সমগ্র দেশে পালন কৰিছে বিজয় দিৱস

আজি সমগ্ৰ দেশত পালন কৰা হৈছে বিজয় দিৱস। এই দিনটোতেই ১৯৭১ চনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কৰা যুদ্ধত জয়লাভ কৰিছিল। এই যুদ্ধৰ পৰিণতিতেই গঠন হৈছিল স্বাধীন বাংলাদেশ। এক কথাত ক’বলৈ হ’লে বাংলাদেশ গঠনত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।কেইবাদিন ধৰি চলা এই যুদ্ধত ভাৰতীয় সশস্ত্ৰ বলৰ বহু জোৱানৰ লগতে বাংলাদেশী মুক্তি বাহিনীৰ বহু জোৱান শ্বহীদ হৈছিল। ১৯৭১ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হয় ভাৰত- পাকিস্তানৰ যুদ্ধ। ১৩ দিন ধৰি চলা যুদ্ধৰ অন্তত ১৬ ডিচেম্বৰ, ১৯৭১ চনত পাকিস্তানী সেনাই ভাৰতীয় সেনা আৰু বাংলাদেশ মুক্তি বাহিনীৰ ওচৰত ঢাকাত আত্মসমৰ্পন কৰে। এই যুদ্ধত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈনিকে আত্মসমৰ্পন কৰিছিল আৰু ভাৰতে জয়লাভ কৰিছিল। ইতিহাসৰ যুদ্ধৰ অন্যতম যুদ্ধ আছিল ১৯৭১ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ।এই দিৱসৰ লগত সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আদি বিভিন্নজনে বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *