সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উৎসৱৰ আদৰণি সমিতি গঠন
মৰিগাঁওত গান্ধী ভৱন প্ৰাংগণত ১৯৪৮ চনতে গঠিত ৭৫বছৰৰ গৰকা সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা মৰিগাঁও জিলা শাখাৰ আতিথ্যত ৭৫বছৰীয়া মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ বাবে মৰিগাঁও জিলা কনিষ্ঠ কৃষি বিষয়া সন্থা সভাপতি
ৰাজেন ডেকা সভাপতিত্ব এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।
উক্ত ৰাজহুৱা সভা আদৰণি ভাষণ জনায় মৰিগাঁও জিলাৰ সমিতি সম্পাদক দিব্যজ্যোতি হাজৰিকাই।
ৰাজহুৱা সভাখনি উদ্বোধন কৰে মৰিগাঁও মহকুমা কৃষি বিষয়া শ্ৰী অশোক শৰ্মাই
উক্ত সভাত উপস্থিত থাকে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা সভাপতি শ্ৰী বুদ্ধ কুমাৰ নাথ,
শ্ৰী গোপাল হাজৰিকা, সাধাৰণ সম্পাদকৰ লগতে অসমৰ বিভিন্ন জিলা সমিতি সভাপতি, সম্পাদকৰ লগতে মৰিগাঁও জিলা দল সংগঠনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে প্ৰায় ২শতাধিক ব্যক্তি উপস্থিতিত ৰাজহুৱা সভাখনি সাফল্যমণ্ডিত হয়।
ৰাজহুৱা সভাখনি শেষত সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা ৭৫বছৰীয়া মহাৰজত জয়ন্তী উৎসৱৰ আদৰণি সমিতি গঠন কৰে।