শোকাবহ! অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু ঘৰুৱা সহায়কৰ…

মুম্বাইত শোকাবহ ঘটনা।

মুম্বাইৰ হিৰণানন্দনী গাৰ্ডেনৰ এটা অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু এজন ১৭ বৰ্ষীয় ঘৰুৱা সহায়কৰ।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া এক আত্মহত্যা বুলি মন্তব্য কৰিছে।

একাংশৰ মতে, ২১ মহলাৰ খিৰিকি চাফা কৰি থাকোতেই পিছলি তলত পৰে যুৱকজন।

অৱশ্যে পৰিয়ালে এই দাবী অস্বীকাৰ কৰি এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে।

যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, অহা বছৰ বিয়া ঠিক হৈছিল যুৱকজনৰ।

এনে পৰিপ্ৰেক্ষিতত যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *