শীতৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনা

দেশত পুনৰ ঘূৰ্ণিবতাহৰ আশংকা। দেশত ক্ৰমান্বয়ে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। প্ৰচণ্ড বৰষুণৰ পিছত আহিব হাড় কপোৱা ঠাণ্ডা। বতৰ বিভাগে জাৰি কৰিছে সতৰ্কবাণী।IMDৰ শেহতীয়া বতৰৰ আগজাননী অনুসৰি দেশত ধাৰাসাৰ বৰষুণ, শীত প্ৰভাৱ, তুষাৰপাত আৰু ঘন কুঁৱলীৰ সম্ভাৱনা আছে।এফালে শীতকাল লাহে লাহে ঠাণ্ডা বতাহৰ বাবে সোমাই আহিছে। উত্তৰ দিশত দ্ৰুতগতিত পাৰাস্তম্ভ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আনহাতে আকৌ এবাৰ ঘূৰ্ণি বতাহৰ আশাংকা।আগন্তুক এসপ্তাহৰ বাবে সমগ্ৰ দেশত শীত প্ৰৱাহ, ঘন কুঁৱলী, তুষাৰপাত আৰু প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণি বতাহ পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে।লাক্ষাদ্বীপ আৰু কাষৰীয়া মালদ্বীপ এলেকা সাগৰ পৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ পৰ্যন্ত ঘূৰ্ণিবতাহৰ উৎপত্তি হৈছে।বতৰ বিভাগৰ আগজাননী অনুসৰি অহা ৪৮ ঘণ্টাৰ ভিতৰত নিম্ন চাপ পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ তামিলনাডু উপকূলৰ ফালে গতি কৰিব পাৰে। ইয়াৰ বাবেই দক্ষিণ ভাৰতৰ বহু ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।১৮-১৯ ডিচেম্বৰত কেৰালা, ১৭-১৮ ডিচেম্বৰত পুডুচেৰী, উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ কৰ্ণাটকত ধাৰাসাৰ বৰষুণ হ’ব। লগতে এই ৰাজ্যসমূহত ধুমুহা বৰষুণ হ’ব পাৰে।১৬-১৭ ডিচেম্বৰত জম্মু-কাশ্মীৰ আৰু লাডাখত লঘু বৰষুণৰ সৈতে বৰফ পৰিব পাৰে।১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তামিলনাডুত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *