শিৱসাগৰত চাফাই কৰ্মীৰ অভিনৱ প্ৰতিবাদ–মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি বিজেপি দলক তীব্ৰ সমালোচনা–হিমন্ত নহ’লে বিজেপি দলৰ কাম নাই

শিৱসাগৰত চাফাই কৰ্মীৰ অভিনৱ প্ৰতিবাদ–মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি বিজেপি দলক তীব্ৰ সমালোচনা–হিমন্ত নহ’লে বিজেপি দলৰ কাম নাই


“বিজেপিৰ কোনো কাম নাই।হিমন্ত বিশ্ব শৰ্মা চাৰ থকাৰ বাবেহে বিজেপি অসমত জিকি আছে।তেওঁ নহ’লে বিজেপি জিকিব নোৱাৰে।”শিৱসাগৰ পৌৰ সভাৰ চাফাই কৰ্মী সকলে আজি শিৱসাগৰ নগৰত প্ৰতিবাদ সাৱস্ত্য কৰি বিজেপি দলৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকট কৰে।

বছৰ বছৰ ধৰি তেওঁলোকৰ দাবী সমূহ সমাধান নোহোৱাকৈ পৰি ৰোৱাৰ পাছতো তেওঁলোকৰ ওপৰত কৰি অহা শোষণ-বঞ্চনাক ধিক্কাৰ দি কালি লক্ষীমপুৰ পৌৰ সভাৰ এজন চাফাই কৰ্মীক মাৰপিট কৰা আৰু আক্ৰোশমূলক ভাৱে গ্ৰেপ্তাৰ কৰাক লৈ চাফাই কৰ্মী সকলে প্ৰতিবাদ সাৱস্ত্য কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে।

অহা ২২ আৰু ২৫ নৱেম্বৰ তাৰিখে সদৌ অসম পৌৰ চাফাই কৰ্মীয়ে লোৱা প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰ আৰু তেজপুৰৰ পৌৰ চাফাই কৰ্মী নাথাকে বুলি আজি ঘোষণা কৰাৰ লগতে তেওঁলোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে বুলিও ৰাজহুৱা কৰে।

পৌৰ কৰ্মচাৰীৰ দাবী সমূহ মানি লৈ সমাধান কৰাৰ আহবান জনোৱাৰ লগতে বিজেপি দলৰ নেতা-পালি নেতাক আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সকিয়াই দি কয় যে চাফাই কৰ্মীৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰক।মুখ্যমন্ত্ৰীৰ জোৰত শাসনলৈ অহা বিজেপি দলৰ এনেবোৰ নেতাৰ বাবেই ৰাইজ অতিষ্ঠ হৈছে বুলিও আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিস্ফোৰক অভিযোগ আনে।

উল্লেখযোগ্য যে শিৱসাগৰ পৌৰ সভাৰ চাফাই কৰ্মী সকলে বহু বছৰৰ পৰা দৰমহা বৃদ্ধি, স্থায়ী নিয়োগ আৰু বিভিন্ন সুবিধাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *